ভয়ংকৰ খবৰ! এইবাৰ অসমৰ নদীৰ পানীত ওলাইছে ক’ৰোনা ভাইৰাছ…

গুৱাহাটীবাসীৰ বাবে আহিছে ইটোৰ পিছত সিটো বেয়া খবৰ। কেতিয়াবা যদি খোৱাপানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হয়, কেতিয়াবা আকৌ কৃত্ৰিম বানপানীত ককবকাই থাকিবলগীয়া হয় গুৱাহাটীবাসীয়ে। এনে সময়তে আহিছে আন এটা ভয়ংকৰ খবৰ।

মহানগৰীৰ ভৰলুৰ পানীত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ। গুৱাহাটীৰ নিষ্কাষিত পানীত ক’ৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতে সকলো লোক আচৰিত হোৱা পৰিলক্ষিত হৈছে। এটা গৱেষকৰ দলে চলোৱা অধ্যয়নত প্ৰকাশ পাইছে সকলো লোককে আচৰিত কৰা এই ভয়ংকৰ তথ্য৷

আইআইটি গান্ধীনগৰকে ধৰি দেশৰ ৮টাকৈ প্ৰতিষ্ঠানে চলোৱা গৱেষণত এই তথ্য পোহৰলৈ আহিছে। দিল্লীৰ জেএনইউৰ পৰিৱেশ বিজ্ঞান বিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও এই গৱেষণত অংশ লৈছিল।

গুৱাহাটী মহানগৰীৰ নদীসমূহকো এই গৱেষণাত অন্তৰ্ভুক্ত কৰা হৈছিল। গৱেষণাত ধৰা পৰিল ভৰলুৰ পানীত ক’ৰোনা ভাইৰাছৰ বীজাণু থকাৰ কথা।

গান্ধীনগৰস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৃথিৱী বিজ্ঞান বিভাগৰ মনীষ কুমাৰে এই সম্পৰ্কত কয়, ‘আমাৰ দলটোৱে নদীৰ পানীৰ নমুনা লৈ পৰীক্ষা কৰিছিল, আচৰিত তথ্য পোৱা গৈছে। আহমেদাবাদত সৰ্বাধিক সংখ্যক আৱৰ্জনা পানী শোধন প্ৰকল্প আছে আৰু গুৱাহাটীত এটাও নাই। যেতিয়া আমাৰ দলে দুয়োখন ঠাইতে পানীৰ নমুনা পৰীক্ষা কৰিছিল, দুয়োখন ঠাইতে কোৰোণা ভাইৰাছ ধৰা পৰিছিল।”

AssamCovidDA News PlusRiver
Comments (0)
Add Comment