তিলৈজান চাহ বাগিচাত বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ৰাজ্যৰ চাহ বাগিচাসমূহত অসম চৰকাৰে ১৪২.৫ কোটি টকাৰ ব্যয়ৰে ১১৯খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য চলাই আছে। বুধবাৰে মৰাণ বিধান সভা সমষ্টিৰ তিলৈ জান চাহ বাগিচাত ১.২০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰি থকা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ পৰিদৰ্শন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

মন্ত্ৰীগৰাকীয়ে নিৰ্মিয়মান বিদ্যালয়খন শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈও উপস্থিত থাকে। উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাহ বাগিচাত ১৯খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণ কাৰ্যৰ অনুমোদন জনোৱা হৈছে।

DA News PlusMoranRameswar TeliUnion Minister
Comments (0)
Add Comment