কেতিয়াকৈ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা…

এতিয়াও অনিশ্চয়তাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। কেতিয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব তাক লৈ কোনো সিদ্ধান্ত ল’ব পৰা নাই শিক্ষা বিভাগে। ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱা হ’লে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে শিক্ষা বিভাগ সক্ষম হ’লহেতেন যদিও ৰাজ্যৰ ক’ভিডকেন্দ্ৰীক পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰাটো কোনোপধ্যেই সম্ভৱ হৈ উঠা নাই।

এনে সময়তে দিছপুৰত ঘনে ঘনে বৈঠক অনুষ্ঠিত কৰিও চৰকাৰ নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাই। শেহতীয়াকৈ বিশেষ পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছিল যদিও পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গ্ৰীণ চিগনেল দিয়া নাই স্বাস্থ্য বিভাগে।

এনে পৰিস্থিতিত শুকুৰবাৰে চূড়ান্ত হ’ব পাৰে পৰীক্ষাৰ দিন। এখন বৈঠকৰ আহ্বান কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সংগঠনক এই বৈঠকত উপস্থিত থাকিবলৈ শিক্ষা বিভাগৰ তৰফৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছে। শুকুৰবাৰে বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব লগা বৈঠকখনতে নিশ্চিত হ’ব কেনেদৰে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

#HSLCAssamDA News PlusExamHS
Comments (0)
Add Comment