ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম বাষিৰ্কীত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ১১৮ সংখ্যক জন্ম বাষিৰ্কী। গীত, নাট, অভিনয়, চলচ্চিত্ৰ, স্বাধীনতা সংগ্ৰাম, সাহিত্য আদি বিভিন্ন ক্ষেত্ৰত বৈচিত্ৰ্যময় পৰিচয় দাঙি ধৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। তেখেতৰ এই দিনটোত সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’ভিড প্ৰটকল মানি আগৰৱালাদেৱৰ জন্ম বাষিৰ্কী উদযাপন কৰা হয়।

তেওঁ একেধাৰে এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা আছিল। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক ‘ৰূপকোঁৱৰ’ বুলি কোৱা হয়। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত ১৯০৩ চনৰ ১৭ জুনত জন্ম লাভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। ১৯৫১ চনৰ ১৭ জুনত মৃত্যুবৰণ কৰে আগৰৱালাদেৱে।

Birth AnniversaryDA News PlusJyoti Prasad agarwal
Comments (0)
Add Comment