ঘোষণা হ’ল ডব্লিউটিচিৰ ১৫ জনীয়া সদস্যৰ তালিকা

ডিজিটেল ডেস্ক, ১৬ জুন: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল (ডব্লিউটিচি)ৰ বাবে ভাৰতীয় ক্ৰিকেট দলে ১৫ জনীয়া সদস্যৰ তালিকা ঘোষণা কৰিছে। এই কথা বিচিচিআইয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে।

এই ১৫ জনীয়া দলটোত মায়াংক আগৰৱাল আৰু কে এল ৰাহুলৰ নাম উল্লেখ কৰা হোৱা নাই। লক্ষ্যণীয়ভাৱে, ঋষভ পন্ত আৰু ঋদ্ধিমান সাহাকো দলত উইকেট কিপাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

অহা ১৮ জুনৰ পৰা ২২ জুনলৈ চাউদাম্পটনত ভাৰতীয় ক্ৰিকেট দলে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলত অংশগ্ৰহণ কৰিব।

CricketDA News PlusIndiaNewzealand
Comments (0)
Add Comment