জামুগুৰিহাটত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল মহিলা

বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মহিলা সকলক ৰেহাই দিম বুলি ঘোষণা কৰিছিল যদিও বৰ্তমান ঋণ মাফ কৰাৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম বান্ধি দিয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে জামুগুৰিহাটৰ একাংশ মহিলাই।

জামুগুৰিহাটৰ ঢেঁকেৰী গাঁৱত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ দাবীত একাংশ মহিলা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। এইদৰেই জামুগুৰিহাটৰ এইসকল মহিলাই নিৰ্বাচনৰ প্ৰাৰ্ক মুহুৰ্তত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে এতিয়া ওলোটা খৰ মৰা বুলি উল্লেখ কৰি মাইক্ৰ’ফাইনেঞ্চৰ এশ শতাংশ ঋণেই কোনো চৰ্ত নোহোৱাকৈ মাফ কৰি দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই।

DA News PlusMicrofinanceProtest
Comments (0)
Add Comment