ডেৰ বছৰৰ পিছত তিহাৰ জে’লৰ পৰা মুকলি আকাশৰ তললৈ দেৱাংগনা কলিতা

প্ৰায় ডেৰ বছৰ সময় কাৰাগাৰত থকাৰ পিছত জামিন লাভ কৰিলে অসমৰ জীয়াৰী দেৱাংগনা কলিতাই। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়তে দেৱাংগনা কলিতা গ্ৰেপ্তাৰ হৈছিল। তাৰ পিছতে তেওঁক ৰখা হৈছিল তিহাৰ জে’লত।

দেৱাংগনাৰ সৈতে জামিন লাভ কৰিবলৈ সক্ষম হৈছে নাটাছা নাৰোৱাল আৰু আছিফ ইকবালে। উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে তিনিওগৰাকীৰে জামিন মঞ্জুৰ কৰে।

দিল্লীৰ সাম্প্ৰদায়িক হিংসাৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল তেওঁলোক। UAPA আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছিল তিনিও৷

DA News PlusDebangana KalitaDelhi
Comments (0)
Add Comment