ড্ৰাগছ বিক্ৰীত বাধা দিয়াৰ বাবেই পঞ্চায়ত কৰ্মচাৰীক আক্ৰমণ ব্যৱসায়ীৰ

অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলাৰ সময়তে ড্ৰাগছ বিক্ৰীত বাধা প্ৰদানৰ বাবেই পঞ্চায়ত কৰ্মচাৰীক আক্ৰমণ কৰি আহত কৰিলে ড্ৰাগছ ব্যৱসায়ীৰ এটা দলে। এই ঘটনা সংঘটিত হৈছে জুৰীয়াত। জুৰীয়াৰ মাহগুৰি গাওঁ পঞ্চায়তৰ সম্মুখত দীৰ্ঘদিন ধৰি অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল আবু হানিফৰ নেতৃত্বত ড্ৰাগছ ব্যৱসায়ীৰ এটা দলে।

এই ক্ষেত্ৰত মাহগুৰি গাওঁ পঞ্চায়তৰ চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীয়ে বাধা প্ৰদান কৰাত ড্ৰাগছ ব্যৱসায়ীৰ দলটোৱে পঞ্চায়ত কৰ্মচাৰীজনক আক্ৰমণ কৰি আহত কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত পঞ্চায়ত কৰ্মচাৰী গৰাকীৰ পৰিয়ালে জুৰীয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে, বিগত কিছুদিনত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই বিভিন্ন অঞ্চলৰ পৰা বহু কেইজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰিছে বহু পৰিমাণৰ ড্ৰাগছ।

AttackDA News PlusDrugsJuriaMan
Comments (0)
Add Comment