গ’ ক’ৰোনা গ’! ক’ভিড খেদিবলৈ এইখন অসমতে অনুষ্ঠিত হ’ল পূজা

ক’ৰোনা ভাইৰাছ কেতিয়াকৈ নোহোৱা হ’ব তাক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে এইবাৰ এটা আচৰিত ঘটনা সংঘটিত হৈছে। এইখন অসমতে কেইজনমান পুৰুষ-মহিলাৰ এটা কামে সকলো লোকৰে চকু কঁপালত তুলিছে। এই সকলো কথাৰ আৰম্ভণি এটা সপোন। এই সপোনটো দেখিছিল এগৰাকী মহিলাই।

ধুবুৰী জিলাৰ বিলাসীপাৰাত দেশৰ পৰা ক’ৰোনা ভাইৰাছ নোহোৱা কৰাৰ বাবে পূজাৰ আশ্ৰয় ল’লে এগৰাকী মহিলাই। এই কাৰ্যত সহযোগিতা আগবঢ়ালে কেইবাজনো লোকে। বিলাসীপাৰাৰ গৌৰাং নৈত পূজা কৰি উটুৱাই দিয়া হ’ল এহেজাৰ লতা কৰৱী ফুল। সোমবাৰে সংঘটিত এই কাৰ্যৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিলাসীপাৰাৰ ৮ নম্বৰ ৱাৰ্ডৰ মহিলাগৰাকীয়ে দেওবাৰে দেখিছিল সপোন। সেই সপোন অনুসৰি, পূজা কৰি এহেজাৰ লতা কৰৱী ফুল নৈত উটুৱাই দিলে দেশৰ পৰা নিৰ্মূল হ’ব মহামাৰী ক’ৰোনা ভাইৰাছ। সেইমতে সোমবাৰে সমাপন কৰা হ’ল এই বিশেষ পূজা ভাগ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়ত সংঘটিত এই ঘটনাই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

AssamDA News PlusDhubriPuja
Comments (0)
Add Comment