ধমধমাৰ এটা পথে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক

চৰকাৰ আহে চৰকাৰ যায়। কিন্তু একেই থাকে ৰাস্তা-ঘাটৰ সমস্যা। সাধাৰণ জনতাই ভূগিব লাগে দুৰ্ভোগ। ৰাইজে নিৰ্বাচিত কৰা জনপ্ৰতিনিধিৰ আহৰি নাই এইসকল দুৰ্ভগীয়া ৰাইজৰ খবৰ ল’বলৈ। বছৰ বছৰ ধৰি মৰণক শৰণ দি যাতায়ত কৰি আহিছে ধমধমাৰ সুন্দৰপুৰ ৰাইজে।

ধমধমাৰ তামোলপুৰ গড়কাপ্টানি পথৰ কন্দৰ্যময় পৰিৱেশে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। পথ নহয় যেন পুখুৰীহে। পথৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। ফলত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিবলগীয়া হৈছে পথচাৰীসকলে। উক্ত পথটোৰ অতিশীঘ্ৰে পুনৰ নিৰ্মাণ কৰিবলৈ অসম চৰকাৰৰ গড়কাপ্টানি বিভাগক অনুৰোধ জনাইছে স্থানীয় ৰাইজে।

Bad Road CommunicationDA News PlusDhamdhamaRoad Communication
Comments (0)
Add Comment