ধুবুৰীত প্ৰধান শিক্ষকৰ কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী

পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। ধুবুৰীৰ দক্ষিণ পাৰত এজন প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। জানিব পৰা মতে, ধুবুৰী জিলাৰ ফকীৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত সাতশিয়া জনকল্যাণ মাধ্যমিক ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডল নামৰ শিক্ষকজনে অশ্নিল ইংগিত দিয়ে ছাত্ৰী গৰাকীক।

ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে দশম শ্ৰেণীৰ পঞ্জীয়ন কৰিবলৈ বিদ্যালয়ত উপস্থিত হয় ছাত্ৰীগৰাকীয়ে। বিদ্যালয়ত কোনো লোক নথকাৰ সুযোগ লৈ ছাত্ৰীগৰাকীৰ ওপৰত পাশৱিক অত্যাচাৰ চলায়। পাচত ছাত্ৰীগৰাকীয়ে একমাত্ৰ নিজৰ প্ৰচেষ্টাৰ ফলত শিক্ষক জনৰ পৰা হাত সাৰিবলৈ সক্ষম হয়। পৰবৰ্তী সময়ত ছাত্ৰী গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰাৰ লগে লগে হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাস্থলীত ফকিৰগঞ্জ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰে। এই ক্ষেত্ৰত দোষী ক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে পৰিয়ালৰ লোকে।

Crime NewsDA News PlusDhubriRape News
Comments (0)
Add Comment