অভি-নীল হত্যাকাণ্ডই আজি ভৰি দিলে ৩ বছৰত ৷ কিন্তু আজিও হত্যাকাৰীয়ে নাপালে শাস্তি ৷

২০১৮ চনৰ আজিৰ দিনটোতেই কাৰ্বি আংলঙৰ ডকমকাত এদল উন্মাদ লোকৰ নৃশংসতাৰ বলি হৈছিল গুৱাহাটীৰ ২ যুৱক৷ অভি-নীলৰ মৃত্যুৰ দিন ধৰি ন্যায়ালয়ৰ মজিয়ালৈ ঢাপলি মেলি ভাগৰি গৈছে দুয়োটা পৰিয়াল৷ কিন্তু এতিয়ালৈকে পৰিয়াল দুটাই পোৱা নাই ন্যায়৷ যাৰ বাবে চূড়ান্ত ক্ষোভ আৰু হতাশাই আবৰি ধৰিছে যুৱকদ্বয়ৰ পিতৃ-মাতৃ তথা পৰিয়ালক৷

অভি-নীলৰ হত্যাকাণ্ডই কেৱল ৰাজ্য অথবা দেশতেই নহয় বিদেশতো তুলিছিল জোকাৰণি৷ কিন্তু আজিও হত্যাকাৰীয়ে নাপালে শাস্তি৷ অভি-নীলৰ মৃত্যু দিৱস উপলক্ষে গুৱাহাটীৰ শিলপুখুৰী কালি মন্দিৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

#AbhiNeel#Assam#DA_News_Plus
Comments (0)
Add Comment