পাকিস্তানৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাত নিহত ৩৩

সোমবাৰে পুৱা পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ঘোটকী জিলাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। ফলত মৃত্যু হয় ৩৩ জনৰ আৰু আহত হয় ৬০ জনৰো অধিক। লোকছাৰ চৈয়দ এক্সপ্ৰেছ আৰু মিলাট এক্সপ্ৰেছৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাতো সংঘটিত হয়।

ইফালে, আহতসকলক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনা সন্দৰ্ভত পাক-প্ৰধানমন্ত্ৰী ইমৰাণ শ্বাহে সম্পূৰ্ণ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

DA News PlusOakistan train accidentsindh province train accidentTrain accident
Comments (0)
Add Comment