কেনে আছে ডাঃ সেউজ কুমাৰ সেনাপতি, GMCH-ৰ কেইখনমান বিশেষ ফটো…

কেনে আছে ডাঃ সেউজ কুমাৰ সেনাপতি। হোজাইৰ উদালিৰ এখন হাস্পতালত কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে একাংশ লোকে আক্ৰমণ কৰিছিল চিকিৎসকগৰাকীক। তাৰ পিছতে তেখেত গুৰুতৰভাৱে আহত হৈছিল। প্ৰায় ডেৰকুৰী লোকে শাৰীৰিকভাৱে প্ৰহাৰ কৰা চিকিৎসকগৰাকী বৰ্তমান মহানগৰীৰ জিএমচিএইচত চিকিৎসাধীন হৈ আছে।

লাহে লাহে সুস্থ হৈছে যদিও বৰ্তমানেও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই ডাঃ সেনাপতি। শনিবাৰে চিকিৎসকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰৰ এই আক্ৰমণে সমগ্ৰ দেশবাসীৰ মাজতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে ডাঃ সেনাপতিৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰি এটা বিশেষ প্ৰতিশ্ৰুতি দিয়ে। স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ পিছতে ডাঃ সেনাপতিয়ে নিজৰ পচন্দৰ কোনো এখন হাস্পতালত কৰ্তব্য সম্পাদন কৰিব পাৰিব।

Breaking NewsDA News PlusSeuj Kumar Senapoti
Comments (0)
Add Comment