পূৰ্বৰ তুলনাত দেশত হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ

সমগ্ৰ দেশতে মহমাৰী ক’ভিডে বিভীষিকাৰ সৃষ্টি কৰিছে। চৌদিশে কেৱল মহমাৰীৰ সংহাৰ। দেশত দৈনিক লাখ লাখ লোক মহমাৰীৰ কবলত পৰিছে। তাৰ সমান্তৰালকৈ প্ৰাণ হেৰুৱাইছে বহু লোকে। মহমাৰীৰ বাবে কত জনে হেৰুৱাইছে আপোনজনক। কিন্তু ইয়াৰ মাজতে কিছু হ্ৰাস পাইছে মহামাৰীৰ সংক্ৰমণ।

পূৰ্বতকৈ কিছু হ্ৰাস পাইছে মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত দেশত ৩,৩৮০ জন লোকে মহমাৰীৰে যুঁজি প্ৰাণ হেৰুৱায়। বিপৰীতে ১২০,৫২৯ জন মহামাৰীৰ কবলত পৰে। উল্লেখ্য যে, যোৱা ৭ এপ্ৰিলৰ পৰা শুকুৰবাৰৰ দিনটোত ২ লাখতকৈ কম সংখ্যক লোক মহমাৰীত আক্ৰান্ত হয়।

বৰ্তমানলৈ দেশত ২৮,৬৯৪,৮৭৯ জন লোক ক’ভিডত আক্ৰান্ত হয়। বিপৰীতে নিহতৰ সংখ্য়া ৩৪৪,১০১ গৰাকীলৈ বৃদ্ধি হয়। আনহাতে, দেশত এই মূহূৰ্তলৈ ২৬,৭৯৫,৫৪৯ জন লোকে মহমাৰীৰ পৰা আৰোগ্য লাভ কৰে।

DA News PlusIndia Covid reportless caseload
Comments (0)
Add Comment