ৰাজ্যত এতিয়াৰে পৰা নতুনকৈ দিয়া নহয় ক’ভাক্সিন

ৰাজ্যত এতিয়াৰে পৰা নতুনকৈ দিয়া নহয় ক’ভাক্সিন ভেকচিন । বন্ধ কৰা হৈছে ক’ভাক্সিন ভেকচিন । কেৱল দ্বিতীয় ডজ ক্ষেত্ৰতহে থাকিব ক’ভাক্সিন । যিসকলে ক’ভাক্সিন ভেকচিন ইতিমধ্যে প্ৰথম ডজ লোৱা হৈছে সেইসকলে ৪২ দিনৰ ভিতৰত দ্বিতীয় ডজ লব পাৰিব ।

ক’ভাক্সিনৰ সীমিত যোগানৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত । ক’ভাক্সিনৰ প্ৰথম ডজ দিলে দ্বিতীয় ডজৰ বাবে অসুবিধা হব পাৰে । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেল সম্বোধন কৰি জনাইছে এই কথা । ৰাজ্যৰ ডেৰলাখ লোকক ক’ভাক্সিনৰ দ্বিতীয় ডজ প্ৰদান কৰা হব ।

এক লাখ ক’ভাক্সিন বৰ্তমান মজুত আছে আৰু অহা সপ্তাহত ৫০ হেজাৰ আহিব । তথ্য মতে ডেৰলাখ হলে প্ৰথম ডজ লোৱাসকলৰ দ্বিতীয় ডজ সম্পূৰ্ণ হব । কভিশ্বিল্ড ভেকচিন ৰাজ্যত পৰ্যাপ্ত পৰিমানে আছে ।

#Assam#Covaxin#DA_News_Plus
Comments (0)
Add Comment