ক’ভিডৰ বাবে বাতিল অম্বুবাচী মেলা

মহামাৰী ক’ভিডৰ ভয়াবহতাৰ বাবেই এইবাৰো বাতিল অম্বুবাচী মেলা। বিগত বৰ্ষতো মহমাৰীৰ বাবেই বাতিল কৰা হৈছিল বহু প্ৰচলিত মা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা। মন্দিৰ পৰিচালনা সমিতিৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

ধৰ্মীয় ৰীতি-নীতিসমূহ লগতে পূজা পালন কৰিব পাৰিব।  লগতে মেলাত অংশগ্ৰহণ কৰিবলৈ অহা লোকৰ ক্ষেত্ৰত মন্দিৰৰ ফালৰ পৰা কোনো ধৰণৰ থকা আৰু খোৱাৰ ব্যৱস্থা নাথাকিব বুলি সদৰি কৰে মন্দিৰ পৰিচালনা সমিতিয়ে।

উল্লেখ্য যে, প্ৰতিবছৰৰ দৰে এই বছৰো ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা অনুষ্ঠিত হ’ব । কিন্তু কৰ’ণাৰ বাবে বৰ্তমানৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে এই বছৰো কেৱল ধৰ্মীয় ৰীতি-নীতিহে পালন কৰা হ’ব।

Ambubasi melaCovidDA News Pluskamakhya temple
Comments (0)
Add Comment