দায়িত্ব গ্ৰহণ কৰিয়েই গুৱাহাটীত সক্ৰিয় ৰূপত প্ৰতিটো কামৰ তত্বাৱধান আয়ুক্ত দেৱাশীষ শৰ্মাৰ

গুৱাহাটী পৌৰ নিগমৰ নতুনকৈ যোগদান কৰিয়েই বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে আয়ুক্ত দেৱাশীষ শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যোৱা শ্ৰীনগৰ, তৰুণ নগৰৰ বিভিন্ন প্ৰান্তত পৰিদৰ্শন কৰি এই সমস্যা কিদৰে নোহোৱা কৰিব পাৰি সেই সন্দৰ্ভত পৰ্যালোচনা কৰে।

এই সময়ছোৱাত GMC আয়ুক্ত গৰাকীক জিলা পৰিবহণ বিষয়া গৌতম দাসে অঞ্চলটোৰ কৃত্ৰিম বানৰ সমস্যাৰ সন্দৰ্ভত জনোৱাৰ লগতে সংগ দিয়ে। দেৱশীষ শৰ্মাই দীর্ঘদিন মুম্বাইৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত হিচাপে থাকি কেঞ্চাৰৰ লগতে বিভিন্ন ৰোগত আক্ৰান্তহৈ চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা লোক সকলক যি সহায় আগবঢ়াইছিল তাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে তেওঁৰ এই মহানুভৱতাৰ ভাবে সম্বৰ্ধনাও জ্ঞাপন কৰে।

GMC আয়ুক্তৰ এই ভ্ৰমণ কালত প্ৰাক্তন উপায়ুক্ত সুনিল দত্ত, ডাঃ মনোজ আগৰৱালা, জ্যেষ্ঠ অধিবক্তা মানবেন্দ্ৰ নাথৰ লগতে তৰুণ নগৰ উন্নয়ন সমিতিৰ বিষয়ববীয়াও উপস্থিত থাকে।

CommissionerDA News PlusGMCVisit
Comments (0)
Add Comment