আই আই টি গুৱাহাটীৰ ছাত্ৰীৰ যৌন নিৰ্যাতনৰ ঘটনা, তিনিজনীয়া তদন্ত সমিতি গঠন উচ্চ ন্যায়ালয়ৰ

আই আই টি গুৱাহাটীৰ ২৮ মাৰ্চত সংঘটিত ছাত্ৰীৰ যৌন নিৰ্যাতনৰ ঘটনা ২ মাহ উকলিল। তদন্তৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাসহ তিনিজনীয়া তদন্ত সমিতি গঠন কৰা হৈছে।

তিনি মাহৰ ভিতৰত তদন্ত সমিতিয়ে দাখিল কৰিব লাগিব তদন্তৰ প্ৰতিবেদন। আমিন গাঁও আৰক্ষী চকীৰ উপ আৰক্ষী তথা তদাৰকী বিষয়া মুকুট বৈশ্যৰ তদন্তত গাফিলতিৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা হৈছিল।

সেইমৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এন কোটেশ্বৰ সিঙৰ এজনীয়া বিচাৰপীঠে আৰক্ষীৰ তদাৰকী আৰক্ষী বিষয়া মুকুট বৈশ্যৰ ওপৰত আস্থাহীন হৈ তিনিমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে।

DA News PlusEnquiryIIT
Comments (0)
Add Comment