নীপকোৰ প্ৰকোপে নিদ্ৰা হৰিছে বৃহত্তৰ লখিমপুৰবাসীৰ

নীপকোৰ প্ৰকোপে নিদ্ৰা হৰিছে লখিমপুৰবাসীৰ। জিলাখনৰ অন্তৰ্গত বৃহত্তৰ পিঠাগুড়ি, ৮০ নম্বৰ শ’লমাৰি, মিছিং গাওঁ, জকাইপেলোৱাকে আদি কৰি প্ৰায় অৰ্ধশতাধিক গাঁৱলৈ অশনি সংকেত নমাই আনিছে ডিক্ৰং নদীয়ে।


অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ য়াজালীস্থিত বৃহৎ জলবিদ্যুৎ প্ৰকল্প নীপকোৱে ডিক্ৰং নদীত এৰি দিয়া অতিৰিক্ত জলৰাশিয়ে এফালৰ পৰা খহাই গৈছে বিঘাই বিঘাই মাটি। ইতিমধ্যে লখিমপুৰৰ বিহপুৰীয়া আৰু নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত অৰ্ধ শতাধিক গাঁৱলৈ বিপদ কঢ়িয়াই আনিছে।


ইয়াৰোপৰি, এমজিএনৰেগা আঁচনিৰ ৪২ লাখ টকাৰে নিৰ্মিত চেনেল কাটিঙৰ সৰহ সংখ্যক খহনীয়াৰ গৰাহত পৰে। সম্প্ৰতি অঞ্চলবাসীয়ে প্ৰতি নিশাই বিনিদ্ৰ ৰজনী কটাইছে।

DA News PlusFloodLakhimpur
Comments (0)
Add Comment