ৰেপিড চালকৰ ৰূপত গুৱাহাটী মহানগৰীত দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্য

মহানগৰীৰ নুনমাটিৰ ২ নং শালবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী NLFBৰ কেডাৰ। ধৃত NLFB ৰ কেডাৰজন হৈছে বাক্সা জিলাৰ গোৰেশ্বৰৰ দীপক চৌধুৰী ওৰফে ‘ডেলং’। উগ্ৰপন্থী সদস্যজনক মহানগৰ আৰক্ষীৰ অপৰাধ শাখা আৰু নুনমাটি আৰক্ষীয়ে যুটীয়াভাবে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, বাক্সাৰ গোৰেশ্বৰৰ বাসিন্দা দীপক চৌধুৰীয়ে প্ৰায় তিনিমাহ পূৰ্বে গুৱাহাটীলৈ আহি নুনমাটিৰ ২ নং শালবাৰীৰ বাসিন্দা তথা ভিনিহীয়েক বিশ্বজিত ৰয়ৰ ঘৰত আশ্ৰয় লৈ আছিল। ভিনিহীয়েকৰ ঘৰত আশ্ৰয় লৈ দীপক চৌধুৰীয়ে ৰেপিড’ চালকৰ বেশত থাকি NLFBৰ সাংগঠনিক কাম কাজ চলাই আছিল।

মহানগৰীত NLFB ৰ সদস্য ভৰ্তিৰ কাম এজন যুৱকে চলাই থকা বুলি অপৰাধ শাখা তথ্য লাভ কৰে। এই তথ্যৰ ভিত্তিত অপৰাধ শাখা আৰু নুনমাটি আৰক্ষীয়ে যুটীয়া ভাবে অভিযান চলাই নুনমাটিৰ ২ নং শালবাৰীৰ পতা দুধর্ষ কেডাৰ জনক গ্ৰেপ্তাৰ কৰে।

ধৃত কেডাৰজনৰ কবলৰ পৰা অভিযান কাৰী দলটোৱে কেইবাজাই 9MM পিষ্টলৰ সক্ৰিয় গুলী, AS-01-EK-1531 নম্বৰৰ এখন ক’লা ৰঙৰ পালছাৰ বাহন আৰু অপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে। আৰক্ষীৰ জেৰাত ধৃত কেডাৰজনে বহু বিস্ফোৰক তথ্য সদৰী কৰে যদিও তদন্তৰ খাতিৰত তথ্য প্ৰকাশৰ পৰা আৰক্ষীয়ে বিৰত থাকে। ধৃত যুৱকজন NLFB ৰ যুটীয়া সম্পাদক বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ 120 (B)/121(A)/122/124 নং ধাৰাৰ অধীনত থানাত 313/21 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

DA News PlusDriverGuwahatiNLFBRapido
Comments (0)
Add Comment