নিয়ম ভংগৰ নামত আপোনাৰ পৰা ৰাজপথত জৰিমণা লোৱাজন ভুৱা আৰক্ষীও হ’ব পাৰে

ক’ভিডৰ নীতি-নিয়মৰ সুযোগ লৈ ঢকুৱাখনা-ধেমাজি সীমান্তৰ আমগুৰিত থকা আন্তঃজিলা পৰীক্ষণ চকীৰ লগতে সমীপৰ ৰাজপথত একাংশ লোকক নিজকে উচ্চ পদস্থ আৰক্ষী বিষয়া বুলি পৰিচয় দি জৰিমণা বিহি ধন সংগ্ৰহ কৰা বিকাশ কোঁচ নামৰ যুৱকক গেপ্তাৰ কৰিছে ঢকুৱাখনা আৰক্ষীয়ে।

উল্লেখ্য যে, এই ভুৱা আৰক্ষী বিষয়া বিকাশে ঢকুৱাখনা থানাৰ হোমগাৰ্ড ডিম্বেশ্বৰ ফুকনকো নিজকে উচ্চ পদস্থ আৰক্ষী বিষয়া বুলি পৰিচয় দি লগত লৈ গৈ বিভিন্নজন লোকক জৰিমণা বিহিছিল ভয়-ভাবুকিৰে।

বিকাশৰ কাম-কাজত একাংশ লোকৰ সন্দেহ হোৱাত ৰাইজে ধৰি বান্ধি ঢকুৱাখনা আৰক্ষীক গটাই দিয়ে। ঢকুৱাখনা আৰক্ষীয়ে ভুৱা আৰক্ষী বিষয়া বিকাশ কোঁচ আৰু হোমগাৰ্ড ডিমেশ্বৰ ফুকনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ১৬৫/
২১/৩৮৭/৪২০/৩৪ ধাৰাত গোচৰ ৰুজু কৰি গেপ্তাৰ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।

DA News PlusDhakuakhanaFakePolice
Comments (0)
Add Comment