বোকাজানৰ ৫০ টা দৰিদ্ৰ পৰিয়াল, পদপথৰ বাসিন্দাক খাদ্য-সামগ্ৰী বিতৰণ ৭ সাংবাদিকৰ

ক’ভিড-১৯ৰ জটিল সন্ধিক্ষণত তথা ক’ভিডৰ দ্বিতীয়টো ঢৌৱে খাটি খোৱা একাংশ লোকক সৰ্বস্বান্ত কৰি তোলাৰ সময়তে ৰজাঘৰৰ লগতে বিভিন্ন দল-সংগঠনে দৰিদ্ৰজনৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াই অহাৰ সমান্তৰালভাৱে বোকাজানৰো ৭ গৰাকীকৈ সাংবাদিকে নগৰ আৰু গ্ৰামাঞ্চলৰ ৫০ ঘৰকৈ অতি দৰিদ্ৰ লোকৰ লগতে পদপথত আশ্ৰয় লৈ থকা বহুকেইজনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি সামান্য সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হয়। বিশেষকৈ এই ক’ৰোনা মহামাৰীৰ কালত চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ পৰিয়ালসমূহলৈ আগবঢ়োৱা ২০০০ টকীয়া সাহায্যৰ টোপোলা যি সকল দৰিদ্ৰ লোকে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম নহ’ল তেনে পৰিয়ালসমূহক নিৰ্বাচন কৰি সাংবাদিকৰ দলটোৱে তেওঁলোকলৈ বুলি চাউল, দাইল, আলু, পিয়াঁজ, নিমখ, আদিৰ টৌপোলা আগবঢ়ায়।

দেওবাৰৰ এই ৭ গৰাকীকৈ সাংবাদিকৰ দলটোত আছিল ক্ৰমে সৰোজ মহন্ত, পলাশ কোঁৱৰ, নৰেন হাজৰিকা, ত্ৰিদিপ বৰা, লৱ গগৈ, সুদীপ্ত বৰা আৰু মনোজ বৰুৱা। সাংবাদিকৰ দলটোৰ উদ্দেশ্য আছিল মাথোঁ দেশত ক্ৰমাৎ সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ সময়ত জীয়াই থকাৰ সংগ্ৰামখনত ইজনে সিজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা।

মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম, শ্ৰেষ্ঠ কৰ্তব্য বুলি সৰোগত কৰি সাংবাদিকৰ দলটোৱে নিজৰ সামৰ্থ অনুযায়ী দৰিদ্ৰ লোকক এঁসাজ অন্নৰ যোগান ধৰা কাৰ্যক বোকাজানৰ সচেতন মহলে শলাগ লয় আৰু ভৱিষ্যতেও এনে পদক্ষেপ অব্যাহত ৰাখিবলৈ আশীৰ্বাদ প্ৰদান কৰে।

BokajanDA News PlusDistributionFood
Comments (0)
Add Comment