কোৱাৰেন্টাইনত থকা লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিল লুৰীণ জ্যোতি গগৈ

সমগ্ৰ ডিব্ৰুগড় জিলাৰ ক’ভিড পৰিস্থিতি আজিও অনিয়ন্ত্ৰিত হৈ আছে। ইতিমধ্যে জিলাখনৰ বহু গাঁৱৰ লগতে চাহ বাগিচা অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে স্বাস্থ্য বিভাগে।‌ কোৱাৰেন্টাইনত থকা লোকসকলক চৰকাৰে সহায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেইয়া আজি দিনটোলৈকে পৰ্যাপ্ত হৈ উঠা নাই।

শনিবাৰে মৰাণ সমষ্টিৰ খোৱাঙৰ বিভিন্ন অঞ্চলত কোৱাৰেন্টাইনত থকা লোক সকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সভাপতি লুৰীণ জ্যোতি গগৈৰ লগতে অসম জাতীয় পৰিষদৰ বিষয়ববীয়া। সভাপতিগৰাকীয়ে খোৱাং বৰপথাৰ, দীঘলীয়াহোলা, চেতীয়া গাঁও, শিলপুটা, শেনচোৱা পুখুৰীকে আদি কৰি খোৱাঙৰ বহু অঞ্চলত ক’ভিডত আক্ৰান্ত হৈ ঘৰতে আবদ্ধ হোৱা পৰিয়াল সমূহৰ লগত মত বিনিময় কৰাৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰে।

লগতে সভাপতি গগৈয়ে ক’ৰোনাৰ এই ভয়াবহ সময়ৰ মাজত প্ৰতিজনে এজনে আন এজনৰ ওচৰত থিয় হৈ পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ সকলো দল সংগঠনক আহ্বান জনাই। লগতে চৰকাৰক সকলোৱে সহজে ক’ভিড ভেকচিন ল’ব পৰাকৈ সুবিধা কৰিবলৈ আহ্বান জনাই নেতাজনে।

DA News PlusHelpLurinjyoti GogoiPeopleQuarantine
Comments (0)
Add Comment