১২ৰ উৰ্ধৰ সকলো লোককে প্ৰদান কৰা হ’ব ক’ভিডৰ টিকা

ক’ভিডৰ দ্বিতীয় ঢৌৰ পৰা সাৰি যোৱা নাই বিশ্বৰ শিশু আৰু কিশোৰ-কিশোৰীসকল। সেইবাবে এইবাৰ কিশোৰ-কিশোৰীসকলক ভেকচিন প্ৰদানৰ বাবে যো-জা চলাইছে জাৰ্মান চৰকাৰে। জুন মাহৰ পৰা জাৰ্মানীত ১২ৰ উৰ্ধৰ সকলো লোককে ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি সংবাদমেলযোগে সদৰী কৰিছে জাৰ্মানীৰ চেনচেলৰ এঞ্জেলা মাৰ্কেলে। ভেকচিন প্ৰদান সন্দৰ্ভত এঞ্জেলা মাৰ্কেলে কয় যে, ‘অহা মাহৰ ৭জুনৰ পৰা ১২ৰ উৰ্ধৰ সকলো লোককে ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব।’

অৱশ্যে কিশোৰ-কিশোৰীসকলক কি টিকা প্ৰদান কৰা হ’ব, সেই বিষয়ে স্পষ্ট কৰা নাই চৰকাৰে। আৰু এই টিকাকৰণ বাধ্যতামূলক বুলিও ঘোষণা কৰা হোৱা নাই। তেওঁ লগতে সদৰি কৰে যে, ‘টিকাগ্ৰহণৰ বাবে ইচ্ছুকসকলে আগষ্ট মাহতে দুটা ড’জ গ্ৰহণ কৰিব পাৰিব। বিদ্যালয়ৰ নতুন পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পূৰ্বে শিশুসকলক এই টিকা প্ৰদান কৰা হ’ব।’

প্ৰাপ্ত তথ্য অনুসৰি, জাৰ্মানীত এতিয়ালৈকে ৪০শতাংশ প্ৰাপ্ত বয়স্ক লোকক ভেকচিনৰ প্ৰথম ড’জ প্ৰদান কৰা হৈছে। ১৫ শতাংশ মানুহক দুটা ড’জ প্ৰদান কৰা হৈছে। এইবাৰ ক’ৰোনাৰ সংক্ৰমণৰ বিৰুদ্ধে হাৰ্ড ইমিউনিটী গঠনৰ বাবে ১২ৰ উৰ্ধৰ শিশুসকলকো টিকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জাৰ্মান চৰকাৰে। উল্লেখ্য যে, কানাডা আৰু মার্কিন যুক্তৰাষ্ট্রত ইতিমধ্যে ১২ৰ উৰ্ধৰ সকলোৰে বাবে টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

CovidDA News PlusGermanyVaccine
Comments (0)
Add Comment