ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ, অনুষ্ঠিত হ’ব আইপিএলৰ বাকী ৰৈ যোৱা খেলসমূহ…

আৰব আমীৰশ্বাহীত হ’ব আই পি এল ৰৈ যোৱা মেচসমূহ। এই কথা সদৰি কৰিছে বিবিচিআইয়ে। শনিবাৰে মুম্বাইত অনুষ্ঠিত হোৱা ব’ৰ্ডৰ বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত লোৱা হয়। অৱশ্যে, ব’ৰ্ডে ভাৰতত ক’ৰণাৰ বাবে নহয়, বৰষুণৰ বতৰৰ বাবে মৰুভূমি চহৰত আই পি এল খেলাৰ সিদ্ধান্ত লয়।

ধাৰণা কৰা মতে, ছেপ্টেম্বৰ-অক্টোবৰত স্থগিত ৰখা আই পি এলৰ চতুৰ্দশ সংস্কৰণৰ বাকী মেচসমূহ হ’ব। এক বিবৃতিযোগে বিচিচিআইৰ সচিব জয় শ্বাহে কয়- ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) শনিবাৰে সংযুক্ত আৰৱ আমীৰশ্বাহীত (ইউ.এ.ই.) ভিভো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, ২০২১ ছিজনৰ বাকী মেচবোৰ সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, এই বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত ভাৰতত বাৰিষা ঋতুৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তটো এক বিশেষ সাধাৰণ সভাত লোৱা হৈছিল। য’ত সদস্যসকলে সৰ্বসন্মতিক্ৰমে আই পি এল পুনৰ আৰম্ভ কৰিবলৈ সন্মত হৈছিল।

DA News PlusIPLMatchUAE
Comments (0)
Add Comment