দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ৰণাত আক্ৰান্তৰ সংখ্যা। ২৪ ঘণ্টাত ১.৮৬ লাখ আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৬৬০ জনৰ মৃত্যু হৈছে।

ক’ৰণা আক্ৰান্তৰ সংখ্যা ১.৯০ লাখৰ তললৈ হ্ৰাস পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ (Ministry of Health) তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১ লাখ ৮৬ হাজাৰ ৩৬৪ জন নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে, আনহাতে ৩,৬৬০ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

নতুনকৈ ক’ৰোনা ৰোগী পোহৰলৈ অহাৰ লগে লগে, দেশত সংক্ৰমিত ৰোগীৰ মুঠ সংখ্যা ২ কোটি ৭৫ লাখ ৫৫ হাজাৰ ৪৫৭ লৈ বৃদ্ধি হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশত বৰ্তমান ক’ৰোনাৰ ২৩ লাখ ৪৩ হাজাৰ ১৫২ জন সক্ৰিয় ৰোগী আছে, আনহাতে ২ কোটি ৪৮ লাখ ৯৩ হাজাৰ ৪১০ জন লোক সুস্থ হৈ ঘৰলৈ গৈছে।
বৰ্তমানলৈ দেশত ক’ৰোনাত ৩ লাখ ১৮ হাজাৰ ৮৯৫ জন লোকৰ মৃত্যু হৈছে।

মহাৰাষ্ট্ৰতো, ক’ৰোনাই যথেষ্ট সকাহ প্ৰদান কৰা দেখা গৈছে।মহাৰাষ্ট্ৰত ২১,২৭৩ জনৰ দেহত ধৰা পৰিছে ক’ৰণাৰ অৱস্থিতি।

DA News Plus
Comments (0)
Add Comment