দেশত হ্ৰাস পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা

দেশত ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস পাবলৈ ধৰিছে৷ এইবাৰ প্ৰথমবাৰৰ বাবে সংক্ৰমণৰ সংখ্যা আঢ়ৈ লাখৰ তললৈ নামিছে৷ যোৱা ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ২ লাখ ৪০ হাজাৰ ৮৪২জন৷ আৰু সুস্থ হৈ উঠিছে ৩ লাখ ৫৫ হাজাৰ ১০২জন৷

বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৩ হাজাৰ ৭৪১জন৷ দেশত মুঠ ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা হৈছে ২ কোটি ৬৫ লাখ ৩০ হাজাৰ ১৩২জন৷ দেশত সুস্থ হৈ উঠাৰ লোকৰ সংখ্যা ২ কোটি ৩৪ লাখ ২৫ হাজাৰ ৪৬৭ জন৷

দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছে ২ লাখ ৯৯ হাজাৰ ২৬৬জন৷ দেশত বৰ্তমানলৈকে ১৯ কোটি ৫০ লাখ ৪হাজাৰ ১৮৪জনক দিয়া হৈছে ক’ৰোনাৰ ভেকচিন৷

CovidDA News PlusIndia
Comments (0)
Add Comment