বিগত ১৫ দিনত বাইহাটা চাৰিআলিত গ্ৰেপ্তাৰ ৮ চোৰ, উদ্ধাৰ ১১ খন চুৰি বাইক

বাইক চুৰি চক্ৰৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ ধাৰাবাহিক অভিযান। যোৱা ১৫ দিনত বাইহাটা চাৰিআলিত ১১ খন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে ৮ টাকৈ দুধৰ্ষ বাইক চোৰক আটক কৰিছে কামৰূপ আৰক্ষীয়ে। বাইহাটা চাৰিআলি আৰক্ষী থানাত সাংবাদিকক সম্বোধন কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ ৰয়ে এই তথ্য প্ৰকাশ কৰে।

ইয়াৰ লগতে জিলাখনত উদ্বেগজনক ভাবে বৃদ্ধি পোৱা ড্ৰাগছ সৰবহৰাকাৰীৰ বিৰুদ্ধেও কামৰূপ আৰক্ষীয়ে এলানি কাৰ্যসূচী গ্ৰহণ কৰা বুলি আৰক্ষী অধীক্ষক জনে সংবাদ মাধ্যমক জনাই।

BaihataDA News PlusPoliceThief
Comments (0)
Add Comment