বৃহস্পতিবাৰে অসমত ৬,৫৭৩ জন আক্ৰান্ত ক’ৰোনাত

বৃহস্পতিবাৰে অসমত ৬৫৭৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১০৮৪জন কামৰূপ মেট্ৰ’ৰ, ৪৯০জন ডিব্ৰুগড়ৰ, ৪৭৭জন নগাঁৱৰ আৰু ৪৩২জন কামৰূপ গ্ৰাম্যৰ।

এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩,৫৩,৫৭৪জনলৈ বৃদ্ধি পাইছে। ইফালে, বৃহস্পতিবাৰৰ দিনটোত সুস্থ হৈছে ৩,০৭১জন লোক। আনহাতে, ৭৪জনকৈ ক’ৰোনা আক্ৰান্তৰ মৃত্যু হয় কালিৰ দিনটোত। এতিয়াও ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫১,৮১৮জন ৰোগী।

Comments (0)
Add Comment