আপোনালৈও আহে নেকি সন্দেহজনক যুৱতীৰ VIDEO CALL, এগৰাকী আৰক্ষী বিষয়াই দিলে সমাধান

এনে ঘটনা বৰ্তমান সময়ত প্ৰায়েই সংঘটিত হয়। ইয়াৰ চিকাৰো বহু লোক হয়। সমাধান অৱশ্যে তেনেই কম। কেনেকৈ কোনো লোকে এখন অদৃশ্য জালত ভৰি দিয়ে সেয়া গমকে নাপায়। অথচ অসাৱধানতাৰ বাবে সকলো শেষ হৈ যায়।

সমাজৰ আগশাৰীৰ লোকো এই জালত পৰে। ৰাজনৈতিক নেতা, আৰক্ষী তথা সাংবাদিকো সাৰি নাযায়। জালত ভৰি দিয়াৰ প্ৰধান কাৰণেই হৈছে যে তেওঁলোকে বুজিকে নাপায় আচলতে কেনেদৰে সমগ্ৰ ঘটনা সংঘটিত হয়। কেতিয়াবা নামবোৰ চিনাকি হয়, কেতিয়াবা মুখ মণ্ডলৰ সৌন্দৰ্যতাও হৈ পৰে আকৰ্ষণৰ কাৰণ।

এগৰাকী যুৱতীয়ে ফেচবুক মেছেঞ্জাৰত মেছেজ দিয়ে। লাহে লাহে কথা পতা আৰম্ভ কৰে আৰু অলপ চিনাকি হোৱাৰ পিছতে Whatsapp -নম্বৰ বিচাৰে। নম্বৰ পালেই ভিডিঅ’ কল কৰে। কল ৰিচিভ কৰাৰ লগে লগে যুৱতীয়ে নিজৰ গাৰ কাপোৰ খুলি দিয়ে

লগে লগেই সেই যুৱতীয়ে স্ক্ৰীণ ৰেকৰ্ডিং কৰে। এই কাৰ্যৰ পিছতে ব্লেকমেইল কৰাৰ আৰম্ভ কৰে। ইয়াৰ স্বীকাৰ বহুলোক হৈছে। এই ঘটনাৰ উমান বিভিন্ন লোকে পাইছে। এইবাৰ সাৱধান হ’বলৈ সকলো লোককে আহ্বান জনাইছে এগৰাকী আৰক্ষী বিষয়াই।

শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই সকলোকে সাৱধান হ’বলৈ আহ্বান জনাইছে। এই আহ্বান জনাই তেওঁ ফেচবুকত পোষ্ট কৰিছে। সমগ্ৰ ঘটনা বিৱৰি লিখিছে,

শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্য

”বিগত কিছুদিন ধৰি চলি থকা এটা অসামাজিক কাৰ্যকলাপ আমাৰ দৃষ্টিগোচৰ হৈছে। সামাজিক মাধ্যম যেনে ফেচবুক আৰু মেচেঞ্জাৰৰ জৰিয়তে এই অসামাজিক কৰ্ম চলে। প্ৰায়ভাগ ক্ষেত্ৰত ফেচবুকত কোনো ‘ভুৱা একাউন্ট’ (Fake Account)ৰ জৰিয়তে কোনো যুৱতীয়ে ভুক্তভোগীজনলৈ প্ৰথমতে ‘ফ্ৰেণ্ড ৰিকুৱেষ্ট’ পঠিয়ায়। ‘ফ্ৰেণ্ড ৰিকুৱেষ্ট’ একচেপ্ট কৰাৰ পিছত মেচেঞ্জাৰত কথা পতা আৰম্ভ কৰি এদিন-দুদিনৰ পিছত নম্বৰ সালসলনি কৰি পৰৱৰ্তী সময়ত ৱাটচএপত অথবা মেচেঞ্জাৰতে এই ‘ভুৱা একাউন্ট’সমূহৰ পৰা ভিডিঅ’ কল কৰা হয়।

ভিডিঅ’ কলত ভুক্তভোগীজনক কথাৰ জালত বান্ধি কিছু সময়ৰ পিছতেই সিপাৰে থকা যুৱতীয়ে হঠাতেই নিজকে নগ্ন কৰি দিয়ে। ভিডিঅ’ কলটো এই অপকৰ্মত লিপ্ত হোৱা সকলে ৰেকৰ্ড কৰে আৰু কল শেষ কৰি ভুক্তভোগীক টকা বিচাৰে আৰু ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে।

এই পোষ্টৰ জৰিয়তে মই ফেচবুক অথবা মেচেঞ্জাৰ, ৱাটচএপ ব্যৱহাৰ কৰা সকলোকে অনুৰোধ জনাইছো যে কোনো অচিনাকী ব্যক্তিৰ ‘ফ্ৰেণ্ড ৰিকুৱেষ্ট’ গ্ৰহণ নকৰিব আৰু কোনো অচিনাকী ব্যক্তিৰ সৈতে নিজৰ ৱাটচএপ নম্বৰ সালসলনি নকৰিব। যদি আপুনি এই অপচক্ৰই কৰা অনৈতিক কামৰ ভুক্তভোগী হয় তেন্তে বিনা দ্বিধাই আৰক্ষীৰ কাষ চাপক। সামাজিক মাধ্যমৰ এই ধৰণৰ ব্লেকমেইলিংৰ বিৰুদ্ধে সজাগ হওক। সজাগ থাকক, সতৰ্ক থাকক।

N:B:যি ব্যক্তিয়ে নিজৰ সন্মান/আত্মসন্মান হানি হ’ব বুলি ভাবিয়েই এনে ঘটনা ঘটাৰ পিছত আইনৰ কাষ চাপিবলৈ সংকোচবোধ কৰিছে তেখেত সকলে শংকা-ভয় একাষৰীয়া কৰি আইনৰ কাষ চাপি এনে অপৰাধৰ বিৰুদ্ধে থিয় দিয়ক)

শেষত সকলোকে ক’ভিড বিধিসমূহ ভালদৰে মানি চলিবলৈ আহ্বান জনাইছো। সামাজিক দূৰত্ব বৰ্তাই ৰাখিলে আৰু বিধিসমূহ আখৰে আখৰে মানি চলিলে এই মহামাৰীক আমি সোনকালে প্ৰতিহত কৰিব পাৰিম।”

আৰক্ষী বিষয়াগৰাকীৰ এই আহ্বানৰ প্ৰতি বিভিন্ন লোকে সহাৰিও জনাইছে। ভাইৰেল হৈ পৰিছে ফেচবুক পোষ্টটো। এনে পৰিস্থিতিত সকলো লোকেই সাৱধান থাকি এনে কাৰ্যৰ বিৰুদ্ধে যুঁজ কৰি যোৱাৰ বাহিৰে আন কোনো সমাধান নাই।

CallsDA News PlusGeneral PublicViral CallWoman
Comments (0)
Add Comment