ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

গুৱাহাটী: সোমবাৰে অসমত ৬,৩৯৪জন কোৰোনাত আক্ৰান্ত হয়। ইয়াৰে ১১০০জন কামৰূপ মেট্ৰ’ৰ, ৫০২জন কামৰূপ গ্ৰাম্যৰ, ৪৫৯জন ডিব্ৰুগড়ৰ আৰু ৪৩০জন নগাঁৱৰ।

বৰ্তমানলৈ ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৩৫০২৩ জনলৈ বৃদ্ধি পাইছে। ইফালে, কালিৰ দিনটোত ৰাজ্যত ৪৭৩৭জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে মৃত্যু হৈছে ৯২জনকৈ লোকৰ। এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৪৯৪২জন ৰোগী।

Comments (0)
Add Comment