প্ৰচণ্ড খং উঠিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ, কিন্তু কিয়?

অশ্নিশৰ্মা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। কৰিমগঞ্জত উপস্থিত হৈ কেমেৰাৰ সন্মুখতে সকীয়ালে কৰিমগঞ্জ অসামৰিক চিকিত্সালয়ৰ অধীক্ষকক। ধমক দিলে ICUৰ নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰকো।

স্বাস্থ্য বিভাগৰ নতুন দায়িত্ব গ্ৰহণ কৰাৰ পাছতে মন্ত্ৰী কেশৱ মহন্ত আজি উপস্থিত হয় কৰিমগঞ্জত। কিন্তু অসামৰিক চিকিত্সালয়ৰ কদৰ্য ৰূপ দেখি অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰীগৰাকী। চিকিত্সালয়খনৰ অধীক্ষক অৰুণাভ চৌধুৰীক ইয়াৰ বাবে জবাবদিহি কৰি সদুত্তৰ নাপাই কেমেৰাৰ সন্মুখতে সকীয়নি দিলে স্বাস্থ্য মন্ত্ৰীয়ে।

আগন্তুক দিনত চিকিত্সালয়ৰ পৰিৱেশ চাফ-চিকুনকৈ ৰাখিব নোৱাৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিয়ে তেওঁ। আনহাতে, ICUৰ নিৰ্মাণ এবছৰে আগ নবঢ়া বাবেও ৰুদ্ৰমূৰ্তি ধাৰণ কৰে কেশৱ মহন্তই। শীঘ্ৰে কাম শেষ নহ’লে ঠিকাদাৰক ব্লেক লিষ্টেড কৰিব বুলি ভাবুকি দিলে মন্ত্ৰী কেশৱ মহন্তই।

ইফালে, মন্ত্ৰীগৰাকীয়ে আজি কৰিমগঞ্জৰ কোভিড পৰিস্থিতিৰ সামগ্ৰিকভাৱে বুজ লোৱাৰ বাৱে জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয়।

AngryAssamDA News PlusKeshab MahantaMinister
Comments (0)
Add Comment