নগাঁৱৰ ননৈত চাঞ্চল্যকৰ হত্যাকাণ্ড

নগাঁও: নগাঁৱৰ ননৈত নৃশংস হত্যাকাণ্ড৷ কাৰ্তিক শইকীয়া নামৰ এজন লোকে বৰদেউতাক আৰু বৰমাকক হত্যা কৰাৰ অভিযোগ৷ ননৈৰ কুমাৰগাঁৱত শুকুৰবাৰে নিশা এই ঘটনা সংঘটিত হৈছে৷

লোকজনে ঘৰৰ চোতালত কুঠাৰেৰে ঘপিয়াই হত্যা কৰে বৰদেউতাক নালিয়া শইকীয়া(৯০) আৰু বৰমাক কণছোৱালী শইকীয়া(৮২)ক৷ ভূমি বিবাদৰ ফলতে কাৰ্তিক শইকীয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ইতিমধ্যে কাৰ্তিক শইকীয়াক গ্ৰেপ্তাৰ কৰিছে৷

Comments (0)
Add Comment