উজনিত ভয়ংকৰ বিস্ফোৰণ, নিহত এজন, আহত অতিকমেও ৩জন

পুনৰ অশান্ত হৈছে উজনি অসম। ইটোৰ পিছত সিটো কূটাঘাটমূলক কাৰ্যই অশান্ত কৰিছে উজনিৰ নগৰ-চহৰ। মাত্ৰ কেইদিনমান পূৰ্বে গ্ৰেণেড বিস্ফোৰণ হৈ এজন লোকে প্ৰাণ হেৰুওৱাৰ পিছতে শুকুৰবাৰেও বিস্ফোৰণে কঁপালে ডিগবৈৰ টিংৰাই বজাৰ।

গ্ৰেণেড বিস্ফোৰণৰ ফলত এজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। উপলব্ধ হোৱা প্ৰাথমিক তথ্যনুসৰি আহত হৈছে অতি কমেও ৩ জন লোক।

জানিব পৰা অনুসৰি, এখন ব্যৱসায়িক প্ৰতিষ্ঠানত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। মটৰ চাইকেলত অহা দুৰ্বৃত্তই নিক্ষেপ কৰিছিল গ্ৰেণেড।

তোৰণ আগৰৱালা নামৰ এগৰাকী লোকৰ দোকানত বিস্ফোৰণ সংঘটিত হৈছিল। ইফালে এই গ্ৰেণে় বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী-অৰ্ধসামৰিক বাহিনী৷

সৱিশেষ খবৰৰ বাবে অপেক্ষা কৰক।

AssamBreaking NewsDA News PlusGranade
Comments (0)
Add Comment