গাজা খণ্ডত উত্তেজনা অব্যাহত

গুৱাহাটী: পুনৰ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘাত। যোৱা ৪ দিন ধৰি হামাছে ইজৰাইললৈ নিক্ষেপ কৰি আছে ক্ষেপনাস্ত্ৰ।

জেৰুজালেমৰ ঐতিহাসিক আল আকচা মছজিদত পেলেষ্টাইনী লোকৰ প্ৰৱেশত ইজৰাইলে বাধা দিয়াক কেন্দ্ৰ কৰি দুয়ো দেশৰ মাজত লাগিছে এই সংঘাত। হামাছৰ এই আক্ৰমণত নিহত হৈছে ইজৰাইলৰ ভালেসংখ্যক নাগৰিক, ধ্বংস হৈছে বহু বাসগৃহ-অট্টালিকা।

ইজৰাইলত বাস কৰা কেৰালাৰ এগৰাকী মহিলাও নিহত হৈছে এই আক্ৰমণত। ইতিমধ্যে ইজৰাইলে প্ৰত্যুত্তৰ দিছে এই আক্ৰমণৰ। গাজা খণ্ডত নিহত হৈছে ৩২ গৰাকী পেলেষ্টাইনী লোক। ইজৰাইলে নিজৰ ক্ষেপনাস্ত্ৰ বিধ্বংসী ব্যৱস্থাৰ জড়িয়তে ধ্বংস কৰিছে হামাছে নিক্ষেপ কৰা ১৫০তকৈও অধিক ক্ষেপনাস্ত্ৰ।

Comments (0)
Add Comment