মানিলে ৰক্ষা, নামানিলে দেখিব প্ৰশাসনৰ ৰঙা চকু, পঢ়ক চৰকাৰৰ ১৬ টা নতুন নিৰ্দেশনা…

ক’ৰোনা সম্পৰ্কত ৰাজ্যত জাৰি কৰা হৈছে নতুন নীতি নিৰ্দেশনা। এই অনুসৰি পূৰ্বৰ বহুকেইটা নিৰ্দেশনাত নতুনত্ব অনা হৈছে। চাওক ১৬ টা নতুন নিৰ্দেশনা-

  1. ১ বজাৰ পৰা বন্ধ থাকিব দোকান-পোহাৰ৷
  2. চহৰ-নগৰ সমিতিৰ এলেকাৰ পৰা ৫ কিঃমিঃলৈ বলবৎ হ’ব এই নিৰ্দেশনা৷
  3. ১৫ দিনলৈ বন্ধ সাপ্তাহিক বজাৰ৷
  4. বৃহস্পতিবাৰৰ পৰা বলৱৎ হ’ব এই নিৰ্দেশনা৷
  5. পুৱা ৫ বজাৰ পৰা বলৱৎ হ’ব SOP৷
  6. ৰেষ্টুৰেণ্ট, ধাবা দিনৰ ১ বজালৈ খোলাৰ অনুমতি৷
  7. হোটেল, ৰিজ’ৰ্টো খোলা থাকিব ১ বজালৈ৷
  8. অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত৷
  9. ক’ভিড প্ৰট’কল মানিহে খাদ্য-সামগ্ৰী সৰবৰাহৰ অনুমতি৷
  10. দিনৰ ১ বজাৰ পিছতো খোলা থাকিব ফাৰ্মাচী-হাস্পতাল৷
  11. স্কুল-কলেজ, বিশ্ববিদ্যালয়ৰ পাঠদান অনলাইনতহে চলিব৷
  12. ১৫ দিনৰ বাবে বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়৷
  13. চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়ৰ বাবেও নিৰ্দেশনা৷
  14. উপ-সচিব পৰ্যায়ৰ পৰা ওপৰৰ বিষয়া ১ বজালৈ থাকিব পাৰিব কাৰ্যালয়ত৷
  15. এই সকল বিষয়াৰ সহায়কসকলো ১ বজালৈ থাকিব পাৰিব৷
  16. দিনৰ ২ বজাৰ পৰা সম্পূৰ্ণ বন্ধ ব্যক্তিগত যাতায়াত৷
  17. পুৱা ৫ বজালৈ বন্ধ থাকিব ব্যক্তিগত যাতায়াত৷
  18. যোৱা এসপ্তাহত ক’ভিড পৰীক্ষাত ৫% পজিটিভ পোৱা এলেকা কণ্টেইনমেণ্ট জ’ন৷
  19. বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানত ১০জন লোকহে উপস্থিত থাকিব পাৰিব৷
  20. অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানতো ১০জন লোককহে অনুমতি৷
  21. ১৫ দিনৰ বাবে সকলো ধৰ্মীয় স্থান বন্ধ থাকিব৷
  22. অটোৰিক্সা-ৰিক্সা আৰু কেবত চালক আৰু ২জন যাত্ৰীহে যাব পাৰিব৷
  23. দুচকীয়া বাহনত ২জন পুৰুষ উঠাত নিষেধাজ্ঞা৷
  24. অৱশ্যে দুচকীয়া বাহনত মহিলা আৰু শিশুক নিব পাৰিব৷
  25. ৩০শতাংশ যাত্ৰী লৈহে চলিব পাৰিব বাণিজ্যিক বাহন৷
  26. অৱশ্যে গ্ৰামাঞ্চলত ২ বজাৰ পৰা বন্ধ হ’ব দোকান-পোহাৰ৷
AssamDA News PlusGovernmentSOP
Comments (0)
Add Comment