বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি আৰু নাই

গুৱাহাটী: বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ দেহাৱসান। পুৱা ৬.৫৮ বজাত GNRC হাস্পতালত মৃত্যু সাহিত্যিকগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ।

পুৱতি নিশা ৩ বজাত বিছনাৰ পৰি আঘাতপ্ৰাপ্ত হৈছিল অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতিগৰাকী। সহায়কাৰী দুই যুৱকে হাস্পতাললৈ লৈ গৈছিল বৰগোহাঞিক। হাস্পতালতে মৃত ঘোষণা কৰে চিকিৎসকে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ক’ভিড আক্ৰান্ত হৈছিল যদিও সুস্থ হৈ ঘৰলৈ উভতিছিল সাহিত্যিকগৰাকী। তেখেতৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ।

Comments (0)
Add Comment