অসমত ক’ৰোনাৰ ফলত একেদিনাই ৮৫ গৰাকী লোকৰ মৃত্যু

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। মঙলবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ৬,২৫৮ গৰাকী লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা।

উল্লেখ্য যে, এই সময়চোৱাত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৫ গৰাকী। ইফালে কেৱল কামৰূপ মহানগৰ জিলাতে ক’ৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ১,৫৮৫ গৰাকী লোক।

মঙলবাৰৰ দিনটোত ৬৮,৫৭২ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। তাৰ ভিতৰত পজিটিভ ধৰা পৰা লোকৰ হাৰ হৈছে ৯.১৩ শতাংশ।

AssamCovidDA News PlusDeath
Comments (0)
Add Comment