নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক সমাপ্ত। বৈঠকৰ পিছত সংবাদমেলত কি বিশেষ ঘোষণা কৰিলে অসম চৰকাৰৰ ৩ মন্ত্ৰীয়ে। চাওঁক সংবাদমেলৰ ১৬ টা বিশেষ ঘোষণা।
- ১. পীয়ূষ হাজৰিকা আৰু কেশৱ মহন্ত কেবিনেটৰ মুখপাত্ৰ।
- ২. ‘সপ্তাহৰ প্ৰতিটো বুধবাৰে বহিব কেবিনেট।’
- ৩. ক’ভিড পৰিস্থিতি সন্দৰ্ভত কেবিনেটত পৰ্যালোচনা।
- ৪. সম্পূৰ্ণ লকডাউনৰ সিদ্ধান্ত লোৱা নাইঃ মন্ত্ৰী মহন্ত।
- ৫. ‘কাইলৈ ব্যাখ্যা কৰা হ’ব এই সন্দৰ্ভত লোৱা দিশসমূহ।’
- ৬. ‘মুখ্য সচিব, DGP-এ ব্যাখ্যা কৰিব কাৰ্যকৰী দিশসমূহ।’
- ৭. বুধবাৰে দিনৰ ১১ বজাত জনাব মুখ্য সচিব, DGP-এ।
- ৮. অহা কেবিনেটত আৰ্থিক অনুদান সন্দৰ্ভত ল’ব সিদ্ধান্ত।
- ৯. ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ সিদ্ধান্ত নতুন চৰকাৰৰ।
- ১০. এই সন্দৰ্ভত গঠন কৰা হৈছে এখন কমিটী।
- ১১. ‘কমিটীয়ে এমাহৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন।’
- ১২. মাইক্ৰ’ ফাইনেন্সৰ ঋণ সন্দৰ্ভতো লোৱা হ’ব সিদ্ধান্ত।
- ১৩. ‘ঋণ ৰেহাই দিয়া সন্দৰ্ভতো লোৱা হ’ব পাৰে সিদ্ধান্ত।’
- ১৪. ‘ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে।’
- ১৫. NRLত বৃদ্ধি হ’ব বিনিয়োগৰ হাৰঃ মন্ত্ৰী পাটোৱাৰী।
- ১৬. ‘NRLত হ’ব ২৬ শতাংশ বিনিয়োগ।’