১০ দিনৰ বাবে তেলেংগানাত লকডাউন ঘোষণা

তেলেংগানাত ১০ দিনৰ বাবে ঘোষণা কৰা হৈছে লকডাউন। ৰাজ্যখনৰ শেহতীয়া ক’ৰোনাকেন্দ্ৰীক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দি বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ লকডাউন ঘোষণা কৰা হৈছে। অৱশ্যে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ১০ বজালৈকে লকডাউনৰ পৰা সকলো লোককে ৰেহাই দিয়াৰ কথা সদৰি কৰিছে ৰাজ্যখনৰ চৰকাৰে।

ক’ৰোনাৰ দ্বিতীয় ঢৌৰ সময়তো বিভিন্ন স্থানত জনসমাগম হোৱাৰ পিছতে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেলেংগানা চৰকাৰে। এই ঘোষণাৰ পিছতে দেশৰ দক্ষিণ প্ৰান্তৰ অন্ধ্ৰপ্ৰদেশক বাদ দি বাকী সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব লকডাউন। অৱশ্যে অন্ধ্ৰপ্ৰদেশতো কিছু কিছু স্থানত নিৰ্দিষ্ট কিছু সেৱাৰ ক্ষেত্ৰত লকডাউন কাৰ্যকৰী হৈ থাকিব।

এইখিনিতে মন কৰিবলগীয়া যে, তামিলনাডু আৰু কৰ্ণাটকত ২৪ মে’লৈকে লকডাউন কাৰ্যকৰী হৈ থাকিব। আনহাতে কেৰালাত ১৬ মে’লৈকে লকডাউন কাৰ্যকৰী হৈ থাকিব। তেলেংগানাত সোমবাৰে ৪,৮২৬ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ ৩২ গৰাকী লোকৰ মৃত্যু হৈছিল।

DA News PlusLockdownTelangana
Comments (0)
Add Comment