সোমবাৰৰ দিনটোত ৰাজ্যত মৃত্যু ৭৭ গৰাকী ক’ৰোনা আক্ৰান্ত

গুৱাহাটী: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। সোমবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ৫,৮০৩ গৰাকী লোক। ইয়াৰ ১৪৮১গৰাকী কামৰূপ মেট্ৰ’ৰ।

উল্লেখ্য যে, সোমবাৰে মৃত্যু হোৱা লোকৰ সংখ্যা ৭৭ গৰাকী। ইয়াৰ ভিতৰত ৩০গৰাকী গুৱাহাটী মহানগৰীৰ।

সোমবাৰে ৭২,১৯৭ জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। ৰাজ্যত পজিটিভিটীৰ হাৰ ৮.০৪ শতাংশ।

Comments (0)
Add Comment