উৎকণ্ঠাৰ অন্ত পৰিল, এতিয়াৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ নামৰ আগত লাগিল ‘মুখ্যমন্ত্ৰী’

অৱশেষত প্ৰতিক্ষাৰ অন্ত পৰিল। মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। একেদৰে কেবিনেট মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। সমান্তৰালকৈ কেবিনেট মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰা আন আন বিধায়কসকল হৈছে,

  • অতুল বৰা (বোকাখাত)
  • ইউ জি ব্ৰহ্ম (চাপাগুৰি)
  • পৰিমল শুক্লবৈদ্য (ধলাই)
  • চন্দ্রমোহন পাটোৱাৰী (ধৰ্মপুৰ)
  • কেশৱ মহন্ত (কলিয়াবৰ)
  • ৰণোজ পেগু (ধেমাজি)
  • সঞ্জয় কিষাণ (তিনিচুকীয়া)
  • যোগেন মহন (মাহমৰা)
  • অজন্তা নেওগ (গোলাঘাট)
  • অশোক সিংঘল (ঢেকীয়াজুলি)
  • পীয়ুষ হাজৰিকা (জাগীৰোড)
  • বিমল বৰা (টিংখং)

মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপতগ্ৰহণ কৰিলে বিজেপি, অগপ আৰু ইউপিপিএলৰ পৰা মন্ত্ৰীত্ব লাভ বিধায়কসকলে। ৰাজ্যপাল জগদীশ মুখীয়ে আটাইকেইগৰাকীকে শপত বাক্য পাঠ কৰায়।

Assam OathDA News PlusHimanta Biswa SarmaNew Ministry
Comments (0)
Add Comment