ছাত্ৰ-ছাত্ৰীলৈ সকাহ! পৰীক্ষা নিদিয়াকৈয়ে উত্তীৰ্ণ কৰাই দিয়াৰ সিদ্ধান্ত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ…

বাতিল কৰা হৈছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা। ক’ৰোনাকেন্দ্ৰীক পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে পৰীক্ষা। তাৰ পৰিৱৰ্তে প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলক পৰীক্ষা নিদিয়াকৈয়ে উত্তীৰ্ণ কৰাই দিয়া হ’ব। এই কথা সদৰি কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

প্ৰথমবৰ্ষৰ পৰীক্ষাৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছিল তেওঁলোকক পৰীক্ষা নিদিয়াকৈয়ে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰি দিয়া হৈছে। ২০২১-২২ শিক্ষাবৰ্ষত তেওঁলোকে দ্বিতীয় বৰ্ষত শিক্ষাগ্ৰহণ কৰিব পাৰিব।

AHSECAssamDA News PlusExam
Comments (0)
Add Comment