পবিত্ৰ ৰমজান মাহতে অঘটন! এটা সৰু কথাৰ বাবেই ৰক্তাক্ত হ’ল ধিঙৰ লালিপথাৰ

পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ দিনতে ধিঙৰ লালিপথাৰত সংঘটিত হৈছে এক লোমহর্ষক হত্যাকাণ্ড। পুখুৰীৰ পৰা ঘৰ মচিবলৈ বোকা মাটি উঠোৱাক কেন্দ্র কৰি দুটা ফৈদৰ মাজত সংঘর্ষ হয়। ফলত এজন থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাবে আহত হয়।

জানিব পৰা মতে, ধিং লালিপথাৰ গাঁৱৰ আব্দুল হুছেইনৰ পত্নীয়ে ঘৰ মচিবৰ বাবে কাষৰে চালাম বুলি কোৱা ব্যক্তিজনৰ পুখুৰীৰ পৰা বোকা মাটি উঠাইছিল। এই ঘটনাক কেন্দ্র কৰি দুয়োটা ফৈদৰ মাজত সৃষ্টি হয় তুমুল সংঘৰ্ষৰ। পিছত আবুল, নুৰু হুছেইন, চালাম, কালাম, আৰু চাহজাহানৰ লগতে ৰফিকুল ইছালামৰ আক্রমণত আব্দুল হুছেইন থিতাতে মৃত্যু হোৱাৰ লগতে তেওঁৰ পত্নী গুৰুতৰভাবে আঘাতপ্রাপ্ত হৈ ধিং এফআৰইউত চিকিৎসাধীন হ’ব লগা হয়।

স্হানীয় লোকৰ খবৰৰ ভিত্তিত লগে লগে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে যদিও সম্প্ৰতি সমগ্র অঞ্চলটোতে চেপা উত্তেজনা বিৰাজ কৰিছে। কিন্তু বৰ্তমানলৈকে ধিং আৰক্ষীয়ে এজনো অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

DA News PlusDhingLalipatharMurder
Comments (0)
Add Comment