অৰুণাচলত ৭ দিনৰ বাবে লকডাউন ঘোষণা

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ৭ দিনৰ বাবে ঘোষণা কৰা হৈছে লকডাউন৷ ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে লকডাউন ঘোষণা কৰিছে অৰুণাচল চৰকাৰে। অৱশ্যে সমগ্ৰ ৰাজ্যখনতে লকডাউন ঘোষণা কৰা নাই। তাৰ সলনি কেৱল ইটানগৰ কেপিটেল ৰিজ’নত ঘোষণা কৰা হৈছে লকডাউন।

অহা ১০ মে’ৰ পৰা ১৭ মে’লৈ সাত দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত। ইটানগৰ কেপিটেল ৰিজ’নৰ অন্তৰ্গত কেপিটেল কমপ্লেক্স (ইটানগৰ), নাহৰলগুন, নিৰজুলি আৰু বান্দৰদোৱালৈকে এই লকডাউনৰ প্ৰভাৱ পৰিব।

১০ মে’ৰ পুৱা ৫ বজাৰ পৰা ১৭ মে’ৰ সন্ধিয়া ৫ বজালৈ এই লকডাউন চলিব বুলি আইচিআৰৰ ডেপুটি কমিশ্যনাৰ টাল’ পটমে জানিবলৈ দিয়ে।

ArunachalCovidDA News PlusLockdown
Comments (0)
Add Comment