শনিবাৰে অসমত ক’ৰোনাৰ ফলত মৃত্যু ৫০ গৰাকী লোকৰ

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। শনিবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ৫,৭৫৬ গৰাকী লোক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা।

উল্লেখ্য যে, এই সময়চোৱাত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ গৰাকী। ইফালে কেৱল কামৰূপ মহানগৰ জিলাতে ক’ৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ১,৫৪৩ গৰাকী লোক।

শুকুৰবাৰৰ দিনটোত ৬৫,১৪০ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। তাৰ ভিতৰত পজিটিভ ধৰা পৰা লোকৰ হাৰ হৈছে ৮.৮৪ শতাংশ।

AssamCovidDA News PlusDeathHimanta Biswa Sarma
Comments (0)
Add Comment