ক’ৰোনাক লৈ চিন্তিত মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত হ’লগৈ সৰুসজাইত…

ক’ৰোনা কেন্দ্ৰীক পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শুকুৰবাৰে মুখ্যমন্ত্ৰী সোণোৱালে সৰুসজাইত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লয়। ক’ৰোনাৰ বিৰুদ্ধে স্বাস্থ্য বিভাগ তথা প্ৰশাসনে যুঁজ কৰি থকা বুলি সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যিকোনো প্ৰকাৰেৰে কভিডকেন্দ্ৰীক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগিব বুলি মন্তব্য কৰে।

“ক’ভিডৰ বিৰুদ্ধে স্বাস্থ্য বিভাগ, জিলা প্ৰশাসনৰ ফালৰ পৰা নিষ্ঠাৰে যুঁজি থকা হৈছে। পৰিস্থিতি ভয়াবহ। ইয়াক যিকোনো প্ৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগিব।”, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয়।

ইফালে লকডাউন সন্দৰ্ভতো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীৰ। লকডাউনৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়, ”পৰিস্থিতি সেইটো পৰ্যায়লৈ যাব নালাগে য’ত লকডাউনৰ দৰে পৰিৱেশ হয়।”

ইফালে চাহ বাগিচাসমূহত হোৱা গণ সংক্ৰমণক লৈও উদিগ্ন সোণোৱাল। তেখেতে কয়, “জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে জিলা প্ৰশাসনসমূহৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।” আনহাতে নতুন চৰকাৰৰ শপতগ্ৰহণ আৰু মুখ্যমন্ত্ৰীকেন্দ্ৰীক বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰীগৰাকী।

AssamCovidSarbananda SonowalSarusajai
Comments (0)
Add Comment