ঘৰৰ পৰা অবাবতে ওলোৱাৰ সময়ত সাৱধান! অসমত ৪৭ গৰাকী লোকৰ ক’ৰোনাত নতুনকৈ মৃত্যু…

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ৫,৬২৬ গৰাকী লোক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা।

উল্লেখ্য যে, এই সময়চোৱাত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ গৰাকী। ইফালে কেৱল কামৰূপ মহানগৰ জিলাতে ক’ৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ১,৫৫১ গৰাকী লোক।

শুকুৰবাৰৰ দিনটোত ৬৮,৩১৮ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। তাৰ ভিতৰত পজিটিভ ধৰা পৰা লোকৰ হাৰ হৈছে ৮.২৪ শতাংশ।

AssamCovidDA News PlusDeathNews
Comments (0)
Add Comment