পুনৰবাৰ ক’ৰোনা আক্ৰান্তক সহায়ৰ আশ্বাস চনু সুডৰ

ক’ৰোনা আক্ৰান্তসকলক বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে বলীউডৰ অভিনেতা চনু সুডে৷ সেয়া প্ৰবাসী শ্ৰমিকসকলক স্বগৃহলৈ প্ৰৰেণ কৰাই হওক অথবা চিকিৎসালয়ত ক’ৰোনা ৰোগীৰ বাবে বিচনা, ঔষধ তথা অক্সিজেন চিলিণ্ডাৰৰ যোগানেই হওক৷ প্ৰতিটো ক্ষেত্ৰতে ক’ৰোনা আক্ৰান্তক সহায়-সহযোগিতা আগবঢ়াই আহিছে চনু সুডে৷

দেশত ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰাত এতিয়া একাংশ লোক অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত সমবেত হোৱা দেখা গৈছে৷ চনু সুডে তেওঁলোকক এই সংকটৰ সময়ত সহযোগিতা আগবঢ়াব বুলি এইসকল লোকৰ আশা৷ বলীউডৰ অভিনেতাগৰাকীয়ে এই লোকসকলক আশ্বাস প্ৰদান কৰে যে তেওঁ সামৰ্থ অনুযায়ী সকলো ধৰণৰ সহায় আগবঢ়াই যাব৷

DA News PlusHelpLockdownSonu Sood
Comments (0)
Add Comment